![]()
মনোৰঞ্জনঃ
অভিনেত্ৰী আদা শৰ্মাই কিংবদন্তী সংগীতশিল্পী বাপ্পী লাহাৰীৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত আদা খানে বাপ্পী লাহাৰীৰ দৰে হাতত আঙুঠি আৰু গহনা পিন্ধিছিল, কিন্তু আদাই ফটোখনৰ সৈতে দিয়া কেপছনটোৰ বাবে তেওঁ ট্ৰোলৰ সন্মুখীন হৈছে। আদাই বাপ্পী দাৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰে আৰু লিখে যে – “কোনে ইয়াক ভালদৰে পিন্ধিছে”। স্বৰ্গীয় সংগীতশিল্পী বাপ্পী লাহিৰী সোণৰ চেইন, আঙুঠি আদি পিন্ধাৰ বাবে জনাজাত আছিল আৰু শেহতীয়াকৈ তেওঁ ইহলীলা সম্বৰণ কৰে।

পোষ্টটো শ্বেয়াৰ কৰাৰ পিছতে, প্ৰত্যেকে অভিনেত্ৰী গৰাকীক সমালোচনা কৰে। এজনে য’ত কয় যে, “প্ৰথমে আপুনি যাৰ সৈতে নিজক তুলনা কৰিছে, তেওঁৰ সৈতে আপোনাৰ উচ্চতা বুজিবলৈ চেষ্টা কৰক।”
আন এজনে মন্তব্য কৰে, “ধেমালিৰ বাবে তুলনা কৰাটো বেলেগ, কিন্তু কাৰোবাৰ মৃত্যুৰ পিছত?” দুঃখিত, মই ভাবিছিলো কেৱল আপোনাৰ চিনেমাবোৰহে আৱৰ্জনা…”
আনহাতে, আন এজনে কয়, “এয়া অতি অপমানজনক।”
গায়ক-সুৰকাৰ বাপ্পী লাহিৰীৰ চলিত মাহৰ আৰম্ভণিতে কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ বাবে মৃত্যু হয়। তেওঁ ৮০ ৰ দশকত ডিস্কোৰ সুৰেৰে চিনেমা প্ৰেমী দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল। উদ্যোগটোৰ তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলে তেওঁক মৰমেৰে ‘বাপ্পী দা’ বুলি মাতিছিল।













