![]()
নিউজ ডেস্কঃ
ৰাছিয়া-ইউক্রেইন সংঘাত তৃতীয় বিশ্বযুদ্ধৰ সূত্রপাত নেকি সেয়া ক’ব পৰা নগ’লেও দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ই হৈছে ইউৰোপৰ সৰ্ববৃহৎ সঙ্ঘাত। তাৰ লগতে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণে মনত পেলাই দিলে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিও।
ইউক্ৰেইন চৰকাৰৰ এক নির্দেশনাত ৰাষ্ট্ৰপতি ভোলোডিমিৰ জেলেনস্কিয়ে জনালে, ইউক্রেইন এৰি যাব নোৱাৰিব দেশখনৰ ১৮-৬০ বছৰ বয়সৰ পুৰুষসকলে। এই নিয়ম সামৰিক আইন বৰ্তি থকা পৰ্যন্ত কার্যকৰী হৈ থাকিব। অৱশ্যে এইসকল পুৰুষক সেনাবাহিনীত নিয়োজিত কৰা হ’বনেকি সেয়া নিশ্চিত কৰা নাই ভোলোডিমিৰ চৰকাৰে।
ইফালে ইউক্রেইনৰ স্বাস্থ্যমন্ত্রী ভিক্টৰ লিয়াস্কোই প্ৰকাশ কৰে মতে, ৰাছিয়াৰ আক্রমণৰ প্ৰথম দিনটোত ইউক্রেইনত অতিকমেও ৫৭ জন নিহত আৰু ১৬৯ জন আহত হৈছে।
আনহাতে, ৰাছিয়াৰ দাবী প্রথম দিনৰ অভিযানত ইউক্রেইনৰ স্থলভাগত ৮৩টা সামৰিক লক্ষ্যক ধ্বংস কৰিছে। ইউক্রেইন সেনাবাহিনীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱাৰ পৰা মুঠ ২০৩টা সামৰিক আঘাত হানিছে ৰাছিয়াই।













