![]()
নিউজ ডেস্কঃ
ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পিছত এতিয়া নতুন দিল্লী তৎপৰ, দেশখনত থকা আনুমানিক ১৮ হাজাৰ ভাৰতীয়ক নিৰেপদে দেশলৈ উভতাই আনিবৰ বাবে। ভাৰতৰ ‘মিছন ইউক্রেইন’ এতিয়া একমাত্র সেইটোৱে। যুদ্ধ সংক্রান্তীয় কোনো কূটনৈতিক অৱস্থান লোৱা বা ভূ-কৌশলগত ৰাজনীতিত পক্ষ লোৱা দেখা যোৱা নাই দিল্লীয়ে।
বৃহস্পতিবাৰে সন্ধ্যা মন্ত্রীসভাৰ নিৰাপত্তা সংক্রান্তীয় কমিটিৰ বৈঠকত বিদেশ সচিব হর্ষবর্ধন শ্রিংলাই ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত অৱগত কৰায় প্রধানমন্ত্রীক। বৈঠকত উপস্থিত আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন। সূত্রৰ খবৰ মতে, অতি শীঘ্রেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত কথা পাতিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
ইফালে ইউক্রেইনত নিযুক্ত ভাৰতীয় দূতাবাসৰ পৰা আহিছে একাধিক নির্দেশনা। তাত কোৱা হৈছে, ‘কিছু কিছু স্থানত আপোনালোকে চাইৰেনৰ শব্দ পাব, বোমা পৰাৰ সতর্কবাণী পাব। এনে ধৰণৰ পৰিস্থিতিত পৰিলে গুগল মেপ চাওক। নিকটৱর্তী ‘ব’ম্ব শেল্টাৰত আশ্রয় লওক। ভূগর্ভস্থ মেট্রোত এনে বহু স্থান আছে।’
ইফালে আকাশী পথ বন্ধ থকাত স্থলপথ বা জলপথৰ সন্ধান কৰিছে ভাৰতীয়সকলক উভতাই অনাৰ বাবে৷ ইউক্রেইনৰ সীমান্তৱর্তী ৰাষ্ট্র হাঙ্গেৰী, পোলেণ্ড, শ্লোভাকিয়া আৰু ৰোমানিয়াৰ সৈতে যোগাযোগ কৰিছে বিদেশ মন্ত্রালয়ে। ভাৰতীয় দূতাবাসৰ চাৰিটা প্রতিনিধি দল উপস্থিত হৈছে এই দেশবোৰৰ সৈতে ইউক্রেইনৰ সীমান্তত।













