![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ নির্বাচনৰ প্রথম চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। দ্বিতীয় পৰ্যায়ত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ আছে পূব উত্তৰ প্রদেশ বা পূর্বাঞ্চলত। ভোটযুদ্ধৰ মাজ পৰ্যায়তেই দলৰ জয় নিশ্চিত বুলি দাবী কৰিলে বিজেপি নেতা অমিত শ্বাহে।
তেওঁৰ দাবী, যোৱাবাৰৰ দৰেই মানুহে তেওঁলোকক ভোট দিছে। সেয়ে একক সংখ্যাগৰিষ্ঠতা পোৱাটো কেৱল সময়ৰ অপেক্ষা মাত্র।
আনহাতে, আমেথিৰ এক জনসভাত চাৰিটা পৰ্যায়তেই দলৰ জয় নিশ্চিত হোৱা বুলি ইঙ্গিত দিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও।













