![]()
নিউজ ডেস্কঃ
তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত দেশৰ প্ৰথম গৰাকী নাগৰিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ভাৰতীয় বায়ুসেনা বিশেষ বিমানেৰে দিল্লীৰ পৰা পোনে পোনে গুৱাহাটী বৰঝাৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।

পত্নী সৈতে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিক বিমানবন্দৰত উষ্ম আদৰণি জনাই ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত, আৰক্ষী আয়ুক্ত হৰমিত সিং, সাংসদ কুইন ওজা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰমুখ্যে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে।
উল্লেখ্য বিমানবন্দৰ পৰা ৰাষ্ট্ৰপতি গৰাকী পোনে পোনে ৰাওনা হয় নীলাচলৰ বুকুত থকা মা কামাখ্যা দেৱালয়লৈ।পত্নীসহ শক্তিপীঠ কামাখ্যাত সেৱা জনাই খানাপাৰাস্থ কইনাধৰাৰ ৰাজ্যিক অতিথি শালালৈ।তাত কিছুসময় জিৰণি লৈ আবেলি গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০বছৰ জয়ন্তীত অংশগ্ৰহণ কৰিব।নিশাটো কইনাধৰাত কটাই শনিবাৰে পুৱাই ৰাষ্ট্ৰপতি যাব তেজপুৰ বিশ্ববিদ্যালয়।অংশগ্ৰহণ কৰিব বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত।
তাপৰ্যপুৰ্ণ কথা যে তেজপুৰৰ পৰা আবেলি ৰাষ্ট্ৰপতি গৰাকীৰ পুনৰ যাব কাজিৰঙালৈ।তাতে নিশাতো থাকি দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জিপ চাফাৰীৰে পৰিদৰ্শন কৰিব।
গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰপতি গৰাকী বৰঝাৰ বিমানবন্দৰ আহি পোৱা পাছতেই অসমীয়া বিভিন্ন কলা, কৃষ্টি প্ৰদৰ্শনে আদৰণি জনাই।













