![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পিছত ইতিমধ্যে প্ৰায় ৪৮ ঘণ্টা অতিক্ৰম কৰিলে৷ তেনে সময়তে এইবাৰ ইউক্রেনইনলৈ আলোচনাৰ প্ৰস্তাব দিলে মস্কোই। সংবাদ সংস্থা এএফপিৰ সূত্র মতে, ৰাছিয়াৰ বিদেশমন্ত্রী লাভৰভে ইউক্রেইনৰ সৈতে আলোচনাত বহিবলৈ প্রস্তুত বুলি জনাইছে।
অৱশ্যে ইয়াৰ বাবে ৰাছিয়াই আৰোপ কৰিছে চৰ্ত৷ সেই অনুযায়ী আলোচনাত বহাৰ পূৰ্বে অস্ত্র সম্বৰণ কৰিব লাগিব ইউক্রেইন সেনাই।
উল্লেখ্য, ৰাছিয়া-ইউক্রেইনৰ সেনা সঙ্ঘাত আৰম্ভণিৰ পিছৰ পৰাই ৰাছিয়াৰ ওপৰত আন্তর্জাতিক চাপ বৃদ্ধি পাইছিল।
লগতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধানে পুটিনক আলোচনাত বহাৰ অনুৰোধ জনাইছে। আনহাতে, পুটিনে যুদ্ধ ঘোষণাৰ পিছত আন্তর্জাতিক বিভিন্ন অর্থ-সাহায্য আৰু অনুদান ৰাছিয়াক দিয়াটো বন্ধ কৰি দিয়ে বহু দেশে। আন্তর্জাতিক বিশেষজ্ঞসকলৰ অনুমান, উক্ত চাপত পৰিয়েই ইউক্রেইনক আলোচনাত বহাৰ সুযোগ দিছে মস্কোই।
অৱশ্যে এই ক্ষেত্ৰত পুটিনৰ প্রতিক্রিয়া বা ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ ফালৰ পৰা কি উত্তৰ দিয়া হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।













