![]()
নিউজ ডেস্কঃ
ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ ফলত ইন্ধনৰ মূল্যলৈ অশনি সংকেত। তাৰ ফলতেই দেশত পেট্র’ল-ডিজেলৰ মূল্য এইবাৰ আৰু বৃদ্ধি পাব পাৰে। বৃহস্পতিবাৰে ৰাছিয়াই ইউক্রেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ লগে লগেই খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত হৈছে ১০৩ ডলাৰ।
আশঙ্কা, ভাৰততো ইয়াৰ প্রভাৱ পঢ়িব। উত্তৰ প্রদেশৰ নিৰ্বাচনৰ বাবে বর্তমান এই মূল্য এতিয়াই নাবাঢ়িলেও আশঙ্কা কৰা হৈছে নিৰ্বাচনৰ পিছত সেয়া বাঢ়িব। আনহাতে, যুদ্ধ বেছি দিন স্থায়ী হ’লে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ ডলাৰলৈ উঠিব পাৰে।
তাৰ ফলতেই ভাৰতত লিটাৰে প্রতি পেট্র’লৰ মূল্য পৰ্যায়ক্ৰমে ১৫ টকা বৃদ্ধি হ’ব পাৰে বুলি খবৰ। লগতে চিএনজি আৰু এলপিজিৰ মূল্যও লিটাৰে প্রতি ১০-১৫ টকা বৃদ্ধি পাব পাৰে। পাঁচ ৰাজ্যৰ ফলাফল ঘোষণা হ’লেই এই মূল্যবৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।
উল্লেখ্য, দীপাৱলীৰ আগনিশা কেন্দ্রই প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলত ৫ টকা আৰু ১০ টকাকৈ কৰ ৰেহাইৰ ঘোষণা কৰিছিল। তাৰ ফলত মূল্য কিছু কমিছিল। কিন্তু সেই সময়ত বেৰেল প্রতি খাৰুৱা তেলৰ মূল্য আছিল ৮০ ডলাৰ। এতিয়া সেই মূল্য বহুখিনি বৃদ্ধি পাইছে। যাৰ ফলত বহুখিনি বাঢ়িব পাৰে পেট্র’ল-ডিজেলৰ মূল্য।













