ASSAM TIMES POST
নগাঁওঃ নগাওঁ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি নগাঁৱৰ এলফিনষ্টন বিবাহ ভৱনত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ পোষণ মাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাখনত উপস্হিত থাকি মন্ত্ৰী গৰাকীয়ে প্ৰত্যেক গৰাকী অংগনবাদী কৰ্মীক ঘৰে ঘৰে পুষ্টিকৰ খাদ্যৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে পুষ্টিকৰ খাদ্য সন্দৰ্ভত চাহ বাগিচা আৰু চৰ অঞ্চলত বিশেষ গুৰুত্ব দিয়াৰ সমান্তৰালকৈ নগৰ অঞ্চলতো এই প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে ৷ পুষ্টিকৰ খাদ্যভ্যাসে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
নগাঁও জিলা সমাজ কল্যাণ বিষয়া দীনেশ দাসে উদ্দেশ্য বাখ্যা কৰা সভাখনত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে পোষন মাহ আজি শেষ হৈছে যদিও পোষন মাহত যেনেধৰণৰ কাৰ্যসূচী সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা লোৱা হল তেনেধৰণৰ কাৰ্যসূচী পৰৰ্বতী সময়তো যদি সকলোৱে কৰি যায় তেতিয়াহে আমি বিগত এটা মাহত কৰা শ্ৰম সাৰ্থক হ’ব।
ইপিনে উক্ত সভাতেই নগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহত সফলতা লাভ কৰা সংহত শিশু উন্নয়ন খণ্ড সমুহক পুৰস্কাৰ বিতৰণ কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উল্লেখযোগ্য যে, পোষণ মাহৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰেৰণ কৰা পত্ৰ সকলো বিষয়া কৰ্মচাৰীলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷
নগাঁৱত অনুষ্ঠিত হোৱা পোষণ মাহৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ আয়ুক্ত সচিৱ ৰূপক কুমাৰ মজুমদাৰ, নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, মান্ডলিক কাৰ্যক্ৰম বিষয়া পাৰবীন আহমেদ, গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা চিৰাজুদ্দিন আহমেদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে৷ পুৰস্কাৰ বিতৰণ সভাখনত অংগনবাদী কৰ্মী সকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।












