![]()
মনোৰঞ্জনঃ
লাস্যময়ী মালাইকা আৰোৰাৰ ফেশ্বনন ছেন্সৰ প্রশংসা কৰে বহুতেই। তেওঁৰ চাবুক ফিগাৰত ‘ফিদা’ অগণিত অনুৰাগী। কিন্তু কেতিয়াবা কেতিয়াবা অদ্ভুত পোছাকৰ কাৰণে ট্রোলড হয় তেওঁ। বৃহস্পতিবাৰে এক অদ্ভুত পোছাকত তেওঁৰ ছবি ভাইৰেল নেট মাধ্যমত। যাৰ বাবে নেটিজেনসকলে কু-মন্তব্যেৰে ভৰাই পেলাইছে সেই ছবি।
কিন্তু কি সেই পোছাক? মালাইকাৰ পিন্ধনত ঢিলা বগা ৰঙৰ শ্বার্ট। তাৰ ওপৰত ঘিউ বৰণীয়া ছুৱেটাৰ। সেইটোও আকৌ বৃহৎ আকাৰৰ।
চুলিত খোপা। ভৰিত জোতা। মুখত মাস্ক। কিন্তু শ্বার্টৰ তলত একো পিন্ধা নাই মালাইকাই! ইমান সৰু শ্বর্টছ তেওঁ পিন্ধিছিল যে, যাক দেখি নেটিজেনসকলৰ ধাৰণা, মালাইকাই সম্ভৱত পেণ্টেই পিন্ধা নাই! উক্ত সাজেৰেই ছাণ্টাক্রুজৰ এক স্বাস্থ্য কেন্দ্রলৈ গৈছিল অভিনেত্রীগৰাকী। প্রতিদিনৰ দৰে তেওঁৰ ফ্লেটৰ বাহিৰত আছিল পাপাৰাৎজিসকল। তেওঁলোকৰ কেমেৰাতেই মালাইকাৰ এই সাজ ধৰা পৰে।
যাক চাই এজনে লিখিছে, ‘মালাইকা আপুনি পেণ্ট পিন্ধিবলৈ পাহৰি গ’ল নেকি?’ কোনোৱে আকৌ লিখিছে, ‘আপোনাৰ পেণ্ট ক’ত?’ এজনে লিখিছে, ‘ওপৰত ছুৱেটাৰ, আনফালে খালী ভৰি! ঠাণ্ডা লগা নাই নেকি?’
উল্লেখ্য, বিবাহ বিচ্ছেদৰ পিছৰ পৰা বয়সত সৰু প্রেমিকৰ সৈতে সম্পর্ক, কেতিয়াবা আকৌ পোছাকৰ কাৰণে মাজে সময়ে সমালোচিত হৈ আহিছে মালাইকা। কিন্তু বিতর্ক, ট্রোলিং, নিন্দা, কু-মন্তব্য কোনোটোকেই বিশেষ গুৰুত্ব নিদি নিজৰ মতে জীৱন উপভোগ কৰি গৈছে অভিনেত্রীগৰাকীয়ে। এইবাৰ পোছাকক কেন্দ্ৰ কৰি বিতর্ক আৰম্ভ হ’লেও এই বিষয়ত কোনো মন্তব্য কৰা নাই মালাইকাই।













