![]()
মনোৰঞ্জনঃ
বিকি কৌশলৰ পিতৃ শাম কৌশলে সেই দিনবোৰৰ কথা মনত পেলাইছে যেতিয়া তেওঁ ৰাষ্টাত ভোকত ঘূৰি ফুৰিছিল আৰু অজয় দেৱগনৰ দেউতাক বীৰু দেৱগনে ঘৰলৈ লৈ গৈ তেওঁক খাদ্য খুৱাইছিল৷ একচন পৰিচালক শাম কৌশলৰ বলীউডত এক দীঘলীয়া আৰু সফল ইতিহাস আছে৷ তেওঁ বহুতো ছবিত ষ্টাণ্ট পৰিচালক হিচাবে কাম কৰিছে৷ তেওঁ ৯০ ৰ দশকত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ আৰু তেখেত এজন জনপ্ৰিয় একচন ডাইৰেক্টৰ হিচাপে পৰিচিত হৈছিল। অৱশ্যে, ইয়াৰ বাবে কৌশলে প্ৰতিটো সন্ধিয়া কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল।
শাম কৌশলে অলপতে এক সাক্ষাৎকাৰ যোগে অতীত ৰোমন্থন কৰিছে৷ তেওঁ অজয় দেৱগানৰ স্বৰ্গীয় পিতৃ বীৰু দেৱগনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ তেওঁ বীৰু দেৱগনক নিজৰ গুৰু হিচাবে গণ্য কৰিছিল৷ শাম কৌশলে বীৰু দেৱগানৰ ছবিত একেলগে কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷
এটা ঘটনাৰ বিষয়ে সবিশেষ জনাই শাম কৌশলে কয় যে, “এটা সময় আছিল যেতিয়া মোৰ কোনো কাম নাছিল। বীৰু দেৱগনে মৃত্যুৰ সময়ত মোক সহায় কৰিছিল, মোৰ সেই সকলোবোৰ কথা মনত পৰিছে। মই ৰাষ্টাত ভোকত ঘূৰি ফুৰিছিলো আৰু তেওঁ মোক ঘৰলৈ লৈ গৈ খানা খাবলৈ দিছিল।”
উল্লেখ্য যে, বীৰু দেৱগনে ২০০ খনতকৈও অধিক ছবিত একচন ডাইৰেক্টৰ হিচাপে কাম কৰিছে৷ ২০১৯ চনত তেওঁৰ মৃত্যু হয়৷ তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ বীৰু দেৱগান অজয় দেৱগানৰ পিতৃ আছিল৷













