![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ ৰাষ্ট্রপতি ভোলোডিমিৰ জেলেনস্কিয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্ৰত্যক্ষ আলোচনাত বহাৰ আহ্বান জনালে। শুক্রবাৰে এটি নতুন ভিডিও-বার্তাত জেলেনস্কিয়ে উক্ত আহ্বান জনায়।
ৰাছিয়ান ভাষাত তেওঁ ভিডিও-বার্তাত কয়, ‘‘মই ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিব বিচাৰো। বৰ্তমান ইউক্রেইনজুৰি যুদ্ধ চলিছে। মানুহৰ মৃত্যু বন্ধ কৰিবলৈ আহক আলোচনাৰ মেজত বহো।’’
উল্লেখ্য, ইয়াৰ পূৰ্বে ৰাচিয়াৰ বিদেশমন্ত্রী লাভৰভে কৈছিল, ইউক্রেইনৰ সৈতে তেওঁলোক আলোচনাত বহিবলৈ প্রস্তুত। কিন্তু তাৰ পূৰ্বে ইউক্রেইনৰ সেনাই অস্ত্র সম্বৰণ কৰিব লাগিব।
সূত্রৰ খবৰ মতে, ইউক্ৰেইনৰ ৰাজধানী কিয়ভত সোমাই পৰিছে ৰুছ সেনা৷ গোপন বাঙ্কাৰত সোমাই আছে ৰাষ্ট্ৰপতি ভোলাডিমিৰ।













