![]()
স্বাস্থ্য প্ৰতিবেদনঃ
প্রাত্যহিক জীবন-যাপনৰ ওপৰতে মূলত নির্ভৰ কৰে বার্ধক্য কিমান সোনকালে দেখা দিব। খোৱা-লোৱাত অনিয়ম, কামৰ চাপ, মানসিক অস্থিৰতা— সকলোৱেই অকালতে বার্ধক্যক মাতি আনে।
ছালত বলিৰেখা, স্মৃতিশক্তি হ্রাস পোৱা, পেশীৰ ক্ষয়, নিস্তেজ ছাল আৰু ক্লান্তি বার্ধক্যৰ পূর্বৰ লক্ষণ। অৱশ্যে এই লক্ষণবোৰ দেখা দিয়া মানেই শঙ্কিত হোৱাৰ কোনো কাৰণ নাই। অৱশ্যে অকাল বার্ধক্য একেবাৰেই প্রত্যাশিত নহয়। দৈনন্দিন জীৱনত অজানিতেই এনে কিছুমান ভুল বহুতে কৰে যাৰ ফলস্বৰূপে সময়ৰ আগতেই বয়সৰ চাপ শৰীৰত পৰে।
অকাল বার্ধক্য প্রতিৰোধ কৰিবলৈ কোন পাঁচটা কাম এৰাই চলিব?
গোটেই দিন বহি নাথাকিব
সমগ্ৰ দিন একেদৰে বহি থকাৰ ফলত শৰীৰত সঠিকভাবে ৰক্ত চলাচলত ব্যাঘাত ঘটে। ফলত অকালতেই শৰীৰত বয়সৰ চাপ আহি যায়। কেৱল সেয়াই নহয়। কেঞ্চাৰ, উচ্চ ৰক্তচাপ, ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পায়।
অস্বাস্থ্যকৰ খাদ্য
ভোক লাগিলেই পেটভর্তি কৰি পিৎজ্জা, বার্গাৰ, চিপচৰ দৰে অতিমাত্ৰা কেলোৰি সমৃদ্ধ খাদ্য খায় নেকি? তেনেহ’লে চৰম ভুল কৰিছে। এই খাদ্যবোৰত কেলোৰিৰ লগতে আছে চেচুৰেটেড ফেট, শর্কৰা, বেয়া কোলেষ্টেৰলৰ দৰে ক্ষতিকৰ উপাদান। দীর্ঘদিন যৌৱন ধৰি ৰাখিবলৈ লেকাম টানক এই ধৰণৰ খাদ্যাভ্যাসত।
প্রাণ খুলি হাঁহক
কর্মক্ষেত্রত সমস্যা, ব্যক্তিগত জীৱনত সমস্যা, চৌপাশৰ অসহিষ্ণু পৰিস্থিতিত যেন মানুহে হাঁহিবলৈয়ে পাহৰি গৈছে। সুস্থ আৰু সুন্দৰ হৈ থাকিবলৈ হাঁহি কিন্তু অতি জৰুৰী। হাঁহিলে এন্ডোৰফিন হৰমোন ক্ষৰিত হয়। যিয়ে মানসিক চাপ দূৰ কৰাত সহায় কৰে। বার্ধক্য এৰাবলৈ মুখত হাঁহি বিৰিঙাই ৰখাটো জৰুৰী।
সকলো সময়তে ঘৰৰ ভিতৰত নাথাকিব
অতিমাৰিৰ কাৰণে বিগত প্রায় দুবছৰ ধৰি ধাৰাবাহিকভাবে বাহিৰলৈ ওলোৱাটো বন্ধ হৈ গৈছে। ঘৰৰ পৰা কা মহোৱাত নিবিচাৰিলেও ঘৰৰ ভিতৰতে থাকিবলগা হৈছে। শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত এবাৰ হ’লেও ঘৰৰ বাহিৰলৈ ওলোৱা উচিত।
টোপনি কম হোৱা
অপর্যাপ্ত টোপনিয়ে অকলেই সময়ৰ পূৰ্বেই বার্ধক্য মাতি অনাৰ বাবে যথেষ্ট। এজন প্রাপ্তবয়স্ক মানুহৰ অন্তত দিনত ৭-৮ ঘণ্টা টোপনিৰ প্রয়োজন। ইয়াতকৈ কম শুলে কম বয়সতে শৰীৰত পৰিব পাৰে বয়সৰ চাপ।













