![]()
নিউজ ডেস্কঃ
ৰাষ্ট্রসংঘত ৰাছিয়াৰ বিৰুদ্ধে অনা প্রস্তাৱ সন্দৰ্ভত হোৱা ভোটদানত অংশগ্ৰহণ নকৰিলে ভাৰতে। নিৰাপত্তা পৰিষদৰ বৈঠকত আমেৰিকা আৰু তাৰ সহযোগী ৰাষ্ট্রবোৰে অনা উক্ত প্রস্তাৱক কেন্দ্ৰ কৰি হোৱা ভোটত অংশ নোলোৱাৰ কথা ঘোষণা কৰে ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিৰুমূর্তিয়ে।
ৰাছিয়াৰ বিৰুদ্ধে অনা উক্ত প্রস্তাৱৰ সপক্ষে ১১টা ভোট পৰে। ভাৰতৰ উপৰি চীন আৰু সংযুক্ত আৰব আমিৰশ্বাহিয়ে ভোটত অংশ নলয়। কিন্তু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাছিয়াই ভেটো প্রয়োগ কৰাত নিৰাপত্তা পৰিষদত প্ৰস্তাৱটো গৃহীত নহয়।
নিৰাপত্তা পৰিষদত তিৰুমূর্তিৰ বক্তব্য, ‘‘ৰাছিয়া, ইউক্রেইন আৰু ইউৰোপৰ অ’এছচিই (অৰ্গেনাইজেচন ফৰ ছিকিউৰিটি এণ্ড কো-অপাৰেচন ইন ইউৰোপ)-ভুক্ত দেশবোৰক লৈ গঠিত গোটৰ আলোচনা হ’লে স্বাগতম জনাব ভাৰতে।’’ লগতে তেওঁ জনায়, ৰাছিয়া, ইউক্রেইন, জার্মানী আৰু ফ্রান্সৰ মাজত নৰমেণ্ডি পর্যায়ৰ আলোচনাৰো পক্ষত ভাৰত৷” তিৰুমূর্তিয়ে কয়, ‘‘বর্তমান পৰিস্থিতিত গঠনমূলক কূটনীতিয়েই এতিয়া একমাত্র পথ।’’













