![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ আগ্রাসনৰ বিৰুদ্ধে নেটো দেশবোৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্রথমবাৰৰ বাবে বিশেষ বাহিনীক (ৰেছপন্স ফ’ৰ্চ) সক্রিয় কৰিলে নেটোৱে। নেটো বাহিনীৰ প্রধান কমাণ্ডাৰ জেনেৰেল টড ওলটাৰ্ছে স্থল, বায়ু, সমুদ্রত সেনাৰ লগতে বিশেষ সেনাসকলকো সক্রিয় কৰিছে।
আমেৰিকা আৰু নেটো দেশবোৰে ইউক্রেইনক সমর্থন কৰিলেও তেওঁলোক প্রত্যক্ষ সঙ্ঘাতলৈ নাযাব বুলি আগতেই স্পষ্ট কৰিছিল। সেয়ে নেটোই বিশেষ বাহিনীক সক্রিয় কৰিলেও এই বাহিনী ইউক্রেইনলৈ গৈ ৰাছিয়াৰ সৈতে প্রত্যক্ষ সঙ্ঘাত জড়িত নহ’ব। ৰাছিয়াৰ আগ্রাসনৰ বিৰুদ্ধে সন্ত্রস্ত নেটো দেশগুবোৰক সহায় কৰাৰ বাবেই নেটো সেনাসকলক পূব ইউৰোপত মোতায়েন কৰা হৈছে বুলি জনোৱা হৈছে।
নেটো ৰেছপন্স ফ’ৰ্চত মুঠ ৪০ হাজাৰ সেনা আছে। কিন্তু তাৰে ভিতৰত কিমানজনক সক্রিয় কৰা হৈছে তাক লৈ এতিয়াও কোনো বিবৃতি দিয়া নাই নেটোই। নেটো মহাসচিব জেনছ ষ্টলটেনবাৰ্গে শুক্রবাৰে জনায়, ইউক্রেইনত সামৰিক আগ্রাসনৰ অৱসান ঘটাবলৈ ক্রেমলিনৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবেই নেটো জোঁটে অধিক পদক্ষেপ গ্রহণ কৰিব লাগিব।
তেওঁ কয়, ‘‘আমি যিকোনো পৰিস্থিতিৰ বাবে প্রস্তুত থাকিব লাগিব। আনকি যদি আমি ইয়াৰ বাবে উপযুক্ত মূল্য দিবলগা হয়, সেয়াও দিব লাগিব। আমি এই পৰিস্থিতি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিব। ঠিক এই কাৰণেই আমি প্রথমবাৰৰ বাবে নেটো ৰেছপন্স ফ’ৰ্চ মোতায়েন কৰিছো।’’
শুক্রবাৰে পুৱা নেটো দেশবোৰৰ শীর্ষনেতাসকলৰ মাজত ফোনত হোৱা কথোপকথনৰ পিছত ৰেছপন্স ফ’ৰ্চ সক্রিয় কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত গ্রহণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জনায়, আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ বাবে পুটিনৰ ভাবুকিৰ মোকাবিলাত নেটো ঐক্যবদ্ধ হৈ থাকিব।













