![]()
নিউজ ডেস্কঃ
ইউক্রেইনৰ হৈ যুদ্ধত নমাৰ বাবে প্ৰস্তুত বিশ্বশ্ৰেষ্ঠ প্রাক্তন বক্সাৰ ভিটালি ক্লিৎছকো। তেওঁৰ লগতে ভাতৃ ‘হল অব ফেম’ বক্সাৰ ভ্লাডিমিৰ ক্লিৎছকোৱেও অস্ত্র তুলি ল’বলৈ সাজু। ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত নামিব বিচাৰে ক্লিৎছকো ভাতৃদ্বয়ে।
বৃহস্পতিবাৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্রেইনৰ বিৰুদ্ধে সেনা অভিযান আৰম্ভ কৰে। স্থল, জল আৰু আকাশেৰে ইউক্রেইনৰ বিৰুদ্ধে সেনা অভিযান চলায় ৰাছিয়াই। ইতিমধ্যে কেইবাশ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। ২০১৪ চনৰ পৰা ইউক্রেইনৰ ৰাজধানী কিভৰ মেয়ৰ ভিটালি। তেওঁ কয়, “আমাৰ ওচৰত আৰু কোনো উপায় নাই। আমি যুদ্ধ কৰিবই লাগিব।”
ভিটালিয়ে জনাইছে যে কিভৰ সাধাৰণ মানুহেও যুদ্ধ কৰাৰ বাবে প্ৰস্তুত। তেওঁ কয়, “মই ইউক্রেনইক বিশ্বাস কৰো, মই দেশৰ ওপৰত বিশ্বাস কৰো, মই দেশৰ মানুহৰ ওপৰত বিশ্বাস কৰো। ইউক্রেইনৰ মানুহ শক্তিশালী। সেয়াই প্রমাণিত হ’ব। সার্বভৌমত্ব আৰু শান্তিৰ বাবে জনগণ আকুল।”













