![]()
নিউজ ডেস্কঃ
গুৱাহাটী কইনাধৰা ৰাজ্যিক অতিথিশালাত বৃক্ষ ৰোপণ কৰি তেজপুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।পত্নী সৱিতা কোৱিন্দ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বৃক্ষৰোপন কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।
ইয়াৰ পাছতে ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ হেলিপেডৰ পৰা উৰা মাৰে তেজপুৰলৈ।ৰাষ্ট্ৰপতি গৰাকী লগত একে হেলিকপ্তাৰতে ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উৰা মাৰে।
উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৰোহত অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।তাৰ পৰা বাহিৰে বাহিৰে তেওঁ ৰাওনা হব কাজিৰঙালৈ।তাতে নিশাটো থাকি পোৱা পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।জিপচাফাৰী কৰিব ৰাষ্ট্ৰপতি কোবিন্দে।













