![]()
নিউজ ডেস্কঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তৰ পৰা কাজিৰঙালৈ ৰাওনা ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দ।পত্নীসহ ৰাষ্ট্ৰপতি গৰাকীৰ বায়ুসেনা বিশেষ হেলিকপ্তাৰে বোকাখাটত উপস্থিত।বোকাখাত সমষ্টি বিধায়ক তথা মন্ত্ৰী অতুল বৰাই উষ্ম আদৰণি জনাই দেশৰ প্ৰথমজন নাগৰিকক।উল্লেখ্য যে ৰাষ্ট্ৰপতি গৰাকী সৈতে ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।
আজি নিশাটো কাজিৰঙাত থাকিব কোবিন্দ।দেওবাৰে পুৱা ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।ইতিমধ্যে সাজু কৰি তোলা হৈছে জীপ।ইফালে ৰাষ্ট্ৰপতি গৰাকী বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।সাধাৰণ জনতাৰ বাবে বন্ধ কৰি দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।













