![]()
নিউজ ডেস্কঃ
ৰাষ্ট্ৰপতি কাজিৰঙা ভ্ৰমণ উদ্দেশ্যে বোকাখাতৰ পৰা গৈ থকা অৱস্থাত অঘটন।বোকাখাটত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ খুন্দাত কৰুণ মৃত্যু পথাচাৰী।
শ্ৰীশ্ৰী যোগানন্দদেৱ সত্ৰাধিকাৰ গোস্বামী কলেজৰ সন্মুখত সংঘটিত হয় দূর্ঘটনা।মৃত ব্যক্তিজনৰ নাম ৰামেশ্বৰ ৰবিদাস ওৰফে ভাইয়া।বোকাখাতৰ মিলনপুৰত ঘৰ আছিল মৃত ব্যক্তিজনৰ।প্ৰাপ্ত খবৰ মতে ৰাষ্ট্ৰপতি কনভয়ৰ তিনিখন গাড়ী দুৰ্ভগীয়া ব্যক্তিগৰাকী গাৰ ওপৰে উঠি যায়।
উল্লেখ্য যে স্থানীয় জনতাই ব্যক্তি গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া বাবে চেষ্টা কৰিছিল যদিও তাৰ পূৰ্বেই মৃত্যুক আঁকোৱালি লয়।তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা দেশ ৰাষ্ট্ৰপতি গৰাকী তেজপুৰৰ পৰা আকাশী পথেৰে বোকাখাতত উপস্থিত হৈ স্থল পথেৰে কাজিৰঙালৈ যাত্ৰা কৰিছিল।কাজিৰঙালৈ গৈ থকা অৱস্থাতে কনভয়ে মহতীয়াই নিয়ে মৃত ৰামেশ্বৰক।













