![]()
নিউজ ডেস্কঃ
শৰীৰত মাইন বান্ধি নিজকে উৰুৱাই দি ৰাছিয়াৰ টেঙ্কক বাধা দিলে এজন ইউক্রেইন সৈনিকে। তেওঁৰ নাম ভিটালি স্কাকুন ভোলোদিমিৰোভিচ। পদমর্যাদাত ইউক্রেইন নৌ সেনাৰ বেটেলিয়ন ইঞ্জিনিয়াৰ।
https://twitter.com/Vladimi81231035/status/1497275810813980673?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1497275810813980673%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Frussia-ukraine-war-ukrainian-soldier-blowing-himself-up-to-destroy-a-bridge-dgtl%2Fcid%2F1330965
ৰাছিয়া অধিকৃত ক্রাইমিয়াৰ পৰা ইউক্রেইনৰ মূল ভূখণ্ডত প্রবেশৰ বাবে প্রশস্ত পথ খেৰছন প্রদেশ হৈ যায়। সেই পথৰ ওপৰতে হেনিচেস্ক সেতু। ৰাছিয়াৰ যুদ্ধ গাড়ী আৰু টেঙ্ক সেই পথ দিয়েই মূল ইউক্রেইনত প্ৰবেশৰ পৰিকল্পনা কৰিছিল।
কিন্তু বাধা হৈ থিয় দিয়ে ভিটালি স্কাকুন ভলোদিমিৰোভিচ। ইউক্রেইনত সোমাবলৈ ব্যাকুল ৰুচ টেঙ্কৰ লানি সেতুখনক লক্ষ্য কৰি আগবাঢ়ি অহা দেখি, গাত মাইন বান্ধি নিজকেই উৰুৱাই দিয়ে। মুহূর্ততে ধূলিত মিহলি হৈ যায় চাৰি লেনৰ সেতুখন। থমকি ৰ’বলগা হয় ৰাছিয়াৰ টেঙ্ক বাহিনী।













