![]()
ষ্টাফ ৰিপৰ্টাৰঃ
নগাঁওঃ নগাঁও আৰক্ষীৰ জালত আকৌ আন দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে ইয়াৰিছ খান আৰু ছৰিচ খান। নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত শনিবাৰে চামগুৰি ৰঙাগড়াৰ ৩৭ নং ঘাইপথত অভিযান চলাই এখন AS01EQ587 নম্বৰৰ চুইফট গাড়ী সহ ৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে আৰক্ষীৰ দলটোৱে।

জানিব পৰা মতে, এই নিচাযুক্ত সামগ্ৰী খিনি ইম্ফলৰ পৰা গুৱাহাটীত নি সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ব্যৱসায়ী দুটাই।













