![]()
নিউজ ডেস্কঃ
উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে অধীনস্থ ৰাজ্যৰ ৬খনকৈ স্কুল বন্ধ কৰিবলৈ ৰেলৱে কৰ্তৃপক্ষই জাৰি কৰিছে জাননী। অসম চৰকাৰৰ পোনপটীয়া হস্তক্ষেপত থকা প্ৰাথমিক বিদ্যালয়কেইখন বন্ধ কৰা জাননী জাৰি কৰা সিদ্ধান্ত বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা।ৰেলৱে বিদ্যালয় কেইখন বন্ধৰ নিৰ্দেশনা অতি দুৰ্ভাগ্যজনক আখ্যা-আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।
উল্লেখ্য যে ৰেলৱে কৰ্তৃপক্ষই বন্ধ জাননী জাৰি কৰা প্ৰাথমিক বিদ্যালয়ৰ কেইখন হৈছে-ৰেলৱে ডি টি পি স্কুল আদাবাৰী, ৰেলৱে প্ৰাইমেৰী স্কুল পাণ্ডু, ৰেলৱে প্ৰাইমেৰী স্কুল আমিনগাওঁ, ৰেলৱে প্ৰাইমেৰী স্কুল মৰিয়নি,ৰেলৱে ডি টি পি স্কুল ডিব্ৰুগড় আৰু ৰেলৱে প্ৰাইমেৰী স্কুল তিনিচুকীয়া।
গুৰুত্বপূৰ্ণ কথা ৰেলৱে জাৰি কৰা জাননী খনত উল্লেখ্ থকা মৰ্মে আগন্তক নতুন শিক্ষাবৰ্ষ(২০২২-২৩)বিদ্যালয় কেইখনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বন্ধ ৰাখিব লাগে।আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক ওচৰৰ চৰকাৰীৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিব লাগে।
ইফালে ৰেলৱে এই সিদ্ধান্ত বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছু সাধাৰণ সম্পাদক গৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৰেলৱে কৰ্তৃপক্ষৰে আলোচনা মৰ্মে সিদ্ধান্ত বাতিল কৰা দাবী জনায়।উল্লেখ্য যে কোভিড আৰু লকডাউনৰ আলম লৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে অসমত চলাচল কৰা ১২ খনকৈ গুৰুত্বপূৰ্ণ ৰেলগাড়ী কিছুদন পূৰ্বে বন্ধ কৰিছে।













