মনোৰঞ্জনঃ
“লাজে লাজে তোমালে চাম, তোমাৰে বুকুতে জীয়াম” …… এয়া ফাগুনৰ বতৰ। ফাগুন মানেই শুকান হৃদয়ত প্ৰেমৰ বেহেলা বজাই নামি অহা মৰমবোৰ। এনে ভাললগা, ভালপোৱাৰ মাজতেই নতুনকৈ মুক্তি লাভ কৰিছে কণ্ঠশিল্পী নীল আকাশ আৰু পাপৰী গগৈৰ কণ্ঠৰে নিৰ্মিত ভিডিঅ’ গীত “কইনা”।
এজনী ছোৱালীৰ জীৱনৰ তথা তেওঁৰ পৰিয়ালটোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোৱে হৈছে নিজৰ বিবাহৰ দিনটো। নিজৰ প্ৰেমাস্পদ জনৰ সৈতে যুগ্মজীৱনৰ আৰম্ভণি কৰাটোৱেই এক অজান শিহৰণ দি যায় ছোৱালীজনীক। এনে কিছুমান সৰু সৰু ভাললগা বোৰক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে উক্ত গীতটি। গীতটিৰ ইউটিউব লিংকত প্ৰত্যক্ষ কৰিলেই আপুনি বুজিব পাৰিব গীতটিৰ কাহিনীভাগৰ গভীৰতা! বহু শ্ৰোতা-দৰ্শকে গীতটিৰ কমেণ্ট বক্সত আৱেগিক হৈ পৰা বুলিও কমেণ্ট কৰে।

গীতটি পৰিচালনা কৰাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য লিখিছে নৱপ্ৰজন্মৰ উঠি অহা প্ৰতিভাসম্পন্ন অভিনেতা দীপজ্যোতি মহন্তই। লগতে, অভিনেতা গৰাকীৰ সৈতে অভিনয় কৰিছে প্ৰীতিকংকনাই। আনহাতে, গীতটিৰ কথা আৰু সুৰ সমীৰ শেখৰৰ লগতে সংগীত তথা শব্দ সংমিশ্ৰণ কৰিছে পলাশ গগৈয়ে।













