![]()
নিউজ ডেস্কঃ
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰাপত্তাত নিয়োজিত বায়ু সেনা হেলিকপ্তাৰ বোকাখাতত টানিব লগা হল ট্ৰেক্টৰে।তেজপুৰৰ পৰা আকাশমাৰ্গে বোকাখাতলৈ ৰাষ্ট্ৰপতি গৰাকীক নিৰাপত্তা দি যোৱা এখন হেলিকপ্তাৰ অৱতৰণ কৰোৱা পাছতেই টেক্টৰ লগাই উদ্ধাৰ চেষ্টা কৰিলে বোকাখাত প্ৰশাসনে।উল্লেখ্য যে পূর্বতে নেদেখা টেক্টৰে হেলিকপ্তাৰ টনা দৃশ্যই আমোদ দিলে ৰাইজক।
উল্লেখ্য যে টেক্টৰ চালক গৰাকীয়ে কি কাৰণত টানিব লগা হল সেই কথা অৱগত নহয় বুলি কয়।সম্পূৰ্নকৈ টানিবলৈ সক্ষম নহল হেলিকপ্তাৰখন।হেলিকপ্তাৰখন টনা পাছতেই ইন্ধন ভৰোৱা দেখা বুলি তেওঁ কয়।
তেজপুৰৰ পৰা চাৰিখনকৈ হেলিকপ্তাৰে নিৰাপত্তা দি আনিছিল ৰাষ্ট্ৰপতি গৰাকীক।হেলিকপ্টাৰ বোকাখাত ৰাজহুৱা খেলপথাত অৱতৰণ পাছত হেলিকপ্টাৰৰ চকা মাটিত সোমায় যায়।যাৰ বাবে টেক্টৰৰ সহায়ত হেলিকপ্টাৰখন তানি উদ্ধাৰৰ চেষ্টা কৰিছিল।
গুৰুত্বপূৰ্ণ কথা প্ৰশাসনে নিৰ্মাণ কৰা ৩খনকৈ অস্থায়ী হেলিপেডত ৩খন হেলিকপ্টাৰ অৱতৰণ কৰাৰ লগতে আন এখন হেলিকপ্টাৰ খেলপথাৰৰ মাজত অৱতৰন কৰিছিল।উক্ত হেলিকপ্টাৰ খনৰে চকা মাটিত সোমাই যোৱাৰ পাছত টেক্টৰেৰে টানি আনাৰ চেষ্টা চলায়।













