ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ সমগ্ৰ ৰাজ্যৰ লগতে মঙ্গলবাৰে গোলাঘাটতো ‘অসম আৰক্ষী দিৱস’ পালন কৰা হয়। সমাজৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে উৎসৰ্গিত অসম আৰক্ষী। অসম আৰক্ষীৰ উদ্যোগত প্ৰতিবছৰে ১ অক্টোবৰৰ দিনটো ‘অসম আৰক্ষী দিৱস’ হিচাপে পালন কৰি আহিছে।

পুৱা গোলাঘাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অন্তত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত নগৰখনত চাফাই অভিযান ৰূপায়ণ কৰে। ইয়াৰ পিছতে দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট বগৰীজেংস্থিত আৰক্ষী ছাউনীত গোলাঘাট জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

আৰক্ষী বিষয়া উৎপল চেকনীধৰাই আঁত ধৰা ‘সামাজিক বাৰ্তাবাহক ব্যৱস্থাত বাক-স্বাধীনতাই সমাজৰ প্ৰতিটো কোণত বিভেদৰ সৃষ্টি কৰিছে’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়, কণিষ্ঠ মহাবিদ্যালয়ৰ ২১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি বিষয়টোৰ সপক্ষে আৰু বিপক্ষে নিজৰ মত আগবঢ়ায়।

গোলাঘাট চক্ৰ বিষয়া লক্ষিমী দত্ত অধ্যক্ষ ৰূপে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখনত বিচাৰকৰ আসন অলংকৃত কৰে ফৰকাটিং জুনিয়ৰ কলেজৰ চেয়াৰমেন লাচিত বৰুৱা, জ্যেষ্ঠ সাংবাদিকদ্বয় দ্বীপেন দত্ত আৰু অপূৰ্ব বল্লভ গোস্বামীয়ে।
প্ৰতিযোগিতাত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰী পাপৰি গগৈয়ে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰাৰ বিপৰীতে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰ আশীষ বৰুৱাই দ্বিতীয় আৰু ফৰকাটিং জুনিয়ৰ কলেজৰ ছাত্ৰী ববিতা নাথে তৃতীয় তাৰ্কিকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
আজিৰ এই অনুষ্ঠানত গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰ, উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াকে ধৰি গোলাঘাট আৰক্ষী ছাউনীৰ বিষয়া-জোৱান সকল উপস্থিত থাকে। এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আৰক্ষী আৰু জনসাধাৰণৰ মাজত পৰস্পৰিক বন্ধুত্ব আৰু আস্থাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাত সহায়ক হ’ব বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰিছে।













