![]()
নিউজ ডেস্কঃ
ফুটবলৰ পৰা নির্বাসিত হ’ল ৰাছিয়া। ইউক্রেইনত যুদ্ধ কৰাৰ বাবে বিশ্ব ফুটবলত ৰাছিয়াক এঘৰীয়া কৰিলে ফিফা আৰু উয়েফাই। ইয়াৰ ফলত এই বছৰ কাটাৰ বিশ্বকাপত খেলিব নোৱাৰিব ৰাছিয়াই। খেলিব নোৱাৰিব ইউৰোপীয় কাপ ফুটবলতো।
বিশ্বকাপৰ যোগ্যতা অর্জন পৰ্যায়ৰ প্লে-অফ মেচত পোলেণ্ডৰ সৈতে ৰাছিয়াৰ খেলাৰ কথা আছিল অহা মাহত। বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাই ৰাছিয়াক নির্বাসিত কৰাত উক্ত মেচ বাতিল হৈ গৈছে। ইউৰোপীয় ফুটবলৰ নিয়ামক সংস্থা ইউৰোপা লিগতো ৰাছিয়াৰ ক্লাববোৰে আৰু খেলিব নোৱাৰিব। ৰাছিয়াৰ মহিলা ফুটবল দলেও ইউৰোপিয়ান চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিব নোৱাৰিব।
ফিফা আৰু উয়েফাই এক যৌথ বিবৃতিত জনাইছে, ‘ফিফা আৰু উয়েফাই যৌথভাবে সিদ্ধান্ত লৈছে, ৰাছিয়াৰ কোনো ৰাষ্ট্ৰীয় আৰু ক্লাব দলে ফিফা আৰু উয়েফাৰ কোনো প্রতিযোগিতাত খেলিব নোৱাৰিব। পৰৱর্তী বি়জ্ঞপ্তি জাৰি নকৰা পর্যন্ত নির্বাসনৰ এই সিদ্ধান্ত বলৱৎ থাকিব।’













