![]()
নিউজ ডেস্কঃ
গাড়ী দুর্ঘটনাত আহত হ’ল ‘কাঁচা বাদাম’ খ্যাত ভুৱন বাদ্যকৰ। নতুনকৈ কিনা এখন চাৰিচকীয়া গাড়ী চলাবলৈ গৈয়েই দুর্ঘটনাৰ কবলত পৰে ভুৱন বাদ্যকৰ। বর্তমান চিউড়িৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছে তেওঁ। অৱশ্যে চিকিৎসকৰ সূত্র মতে, ভুৱনৰ আঘাত গুৰুতৰ নহয়।
সম্প্রতি এখন পুৰণি গাড়ী কিনিছিল ভুবন বাদ্যকৰে। উক্ত গাড়ীখন চলাবলৈ শিকাৰ সময়তেই দুর্ঘটনাটো ঘটে। গাড়ীখনে এখন দেৱালত খুন্দা মৰাত তেওঁৰ বুকু আৰু মুখত আঘাত লাগে। তেওঁৰ বুকুৰো এক্স-ৰে কৰোৱা হৈছে।













