![]()
নিউজ ডেস্কঃ
হোটেল-ৰেস্তোৰাঁত ব্যৱহৃত ৰন্ধন গেছৰ চলিণ্ডাৰৰ মূল্য মার্চৰ প্ৰথম দিনটোতে বাঢ়িল ১০৮ টকা৷ সংশ্লিষ্ট মহলৰ দাবী, পেট্র’ল-ডিজেলৰ দৰে ঘৰুৱা ৰন্ধন গেছৰ মূল্যও যে পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব সেইটো মোটামুটিভাৱে পৰিষ্কাৰ।
কিয়নো নিৰ্বাচন শেষ নহওঁতেই গৃহস্থৰ বোজা বৃদ্ধি কৰি এতিয়াই তেওঁলোকৰ ওচৰত অপ্রিয় হোৱাৰ পথ ল’ব বিচৰা নাই মোদী চৰকাৰে। ফলত সম্প্ৰতি অন্যান্য ক্ষেত্রত ব্যৱহৃত ইন্ধনৰ মূল্যবৃদ্ধিত গুৰুত্ব দিছে চৰকাৰে। ইয়াৰ পূৰ্বে বিমান ইন্ধন এটিএফৰ ৰেকর্ড বৃদ্ধি হৈছে। এইবাৰ ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ১০৮ টকা৷













