![]()
নিউজ ডেস্কঃ
ৰাছিয়াই যে আৰু বৃহৎ আত্ৰমণৰ পৰিকল্পনা কৰিছে তাৰেই এখন ছবি ধৰা পৰিল উপগ্রহ চিত্রত। মেক্সাৰ টেকনোলজিৰ দ্বাৰা প্রকাশিত উক্ত উপগ্রহ চিত্রত দেখা গৈছে প্রায় ৬৪ কিলোমিটাৰ দীঘল ৰাছিয়াৰ এটি সেনা কনভয় ইউক্রইনৰ ৰাজধানী কিভৰ দিশে আগবাঢ়িছে। ইউক্রেইনৰ উত্তৰত দেখা গৈছে সেই কনভয়।

কিভ আৰু খাৰকিভত প্রবল বাধাৰ সন্মুখীন হ’বলগা হৈছে ৰুছ সেনা। তেওঁলোকক দিকভ্রান্ত কৰি ফান্দত পেলোৱাৰ বাবে কিভ আৰু খাৰকিভত প্ৰৱেশৰ পথবোৰৰ চিহ্ন মচি পেলোৱা হৈছে। ঠায়ে ঠায়ে ইউক্রেনীয় সেনা আৰু নাগৰিকসকলৰ বাধাৰ সন্মুখীন হ’বলগা হৈছে ৰুছ সেনাসকল। ফলত আৰু বৃহৎ আক্ৰমণ কৰাৰ বাবে বিশাল কনভয় লৈ কিভ আৰু খাৰকিভৰ ওপৰত আঘাত হানিবলৈ বিচাৰিছে ৰাছিয়াই।













