![]()
নিউজ ডেস্কঃ
ৰঙিয়াৰ নিকটৱৰ্তী কাজিগাঁৱৰৰ এগৰাকী মেধাৱী ছাত্ৰী মণীষা ৱাহিদ। চাৰি বছৰ পূৰ্বে বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে গৈছিল। ইউক্ৰেইনৰ উজ হৰ্ট নেচনেল ইউনিভাৰ্ছিটিত চিকিৎসা বিজ্ঞানত বৰ্তমানো অধ্যয়নৰত মণীষা। প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ আন তিনিগৰাকী ছাত্ৰীৰ সৈতে ইউক্ৰেইনত আবদ্ধ হৈ আছে ছাত্ৰীগৰাকী।
ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে তেওঁৰ পৰিয়ালবৰ্গ। তীব্ৰ খাদ্য সংকট আৰু আতংকত দিন কটাইছে বুলি পৰিয়ালক খবৰ দিছে মণীষাই। বৰ্তমানেও পৰিয়ালৰ লগত যোগাযোগ অব্যাহত আছে যদিও মৃত্যু ভয়ে খেদি ফুৰিছে তাত থকা ছাত্ৰ-ছাত্ৰীসকলক। ছাত্ৰীগৰাকীক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে পিতৃ-মাতৃয়ে।













