![]()
নিউজ ডেস্কঃ
ইউক্রেইন-ৰাছিয়া যুদ্ধ পৰিস্থিতিৰ মাজতেই আৰু এটি আশঙ্কাৰ বিষয় পোহৰলৈ আহিছে৷ সমস্যাটো হৈছে উষ্ণায়ন, যাৰ ফলত সলনি হৈছে জলবায়ু। জলবায়ু পৰিবর্তন সন্দৰ্ভত সোমবাৰে এক ‘ইন্টাৰগভর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ’ (IPCC) ৰিপোর্ট প্রকাশ কৰিছে ৰাষ্ট্রসংঘই। উক্ত ৰিপোর্টত কোৱা হৈছে জলবায়ু পৰিবর্তনৰ ফলত প্রবল ক্ষতিগ্রস্ত হ’ব বিশ্বৰ ৩৬০ কোটি লোক।
ৰিপোর্টত কৈছে, জলবায়ু পৰিবর্তনৰ বাবে দোষী মানুহেই, আৰু ইয়াৰ ফলত বিপর্যস্ত হৈছে প্রকৃতি। ফলত ক্ষতিগ্রস্ত হ’ব কোটি কোটি মানুহ। পৰিবর্তিত জলবায়ুত খাপ খোৱাৰ ক্ষমতা সকলোতকৈ কম মানুহ আৰু পৰিবেশতন্ত্ৰৰ। সেয়াই ক্ষতিগ্রস্ত হ’বে সৰ্বাধিক।
ৰিপোর্টত লিখা হৈছে, ‘নিষ্ক্রিয়তাৰ ফলত কি ভয়াৱহ পৰিস্থিতি হ’ব পাৰে সেয়া দেখুৱাইছে এই ৰিপোৰ্টে। আমি ভালে থকা আৰু সুস্থ পৃথিৱীৰ বাবে মাৰাত্মক বিপদ এই জলবায়ু পৰিবর্তন। এতিয়া আমি কি পদক্ষেপ লওঁ তাৰ ওপৰতেই নির্ভৰ কৰিব পৰিবেশ আৰু মানুহে কেনেদৰে পৰিবর্তিত পৰিস্থিতিৰ সৈতে সমাযোজন কৰে।’













