![]()
নিউজ ডেস্কঃ
বিগত ৮ বছৰ ধৰি দেশক কেৱল যুদ্ধই উপহাৰ দিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। অনৈতিকভাবে ক্রিমিয়া দখলৰ পৰিণাম হিচাবেই আজি ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰিছে ৰাছিয়াই। চৰকাৰৰ বিৰুদ্ধে এনেদৰেই অভিযোগ তুলি ৰাছিয়াৰ ৰাজপথত প্রতিবাদত নামিল নাৰীবাদীসকল। তেওঁলোকৰ দাবী, অবিলম্বে ইউক্রেইনৰ পৰা সেনা প্রত্যাহাৰ কৰক ৰাছিয়াই। বন্ধ হওক যুদ্ধ।
সম্প্রতি এক বিবৃতিত বিশ্বব্যাপী নাৰীবাদী সংগঠনবোৰক একত্রিত হোৱাৰ আহ্বান জনাইছে ৰাছিয়াৰ নাৰীবাদীসকলে। পুটিনৰ সেনাই যেতিয়া বীৰদর্পে ইউক্রেইন আক্রমণ কৰিছে, তেতিয়াই দেশৰ ভিতৰতেই চৰকাৰবিৰোধী আন্দোলনৰ আহ্বান জনালে নাৰীবাদী সংগঠনবোৰে।
বিবৃতিটোত তেওঁলোকে জনাইছে, প্রতিবেশী দেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি সমগ্ৰ মহাদেশখনৰে শান্তি বিঘ্নিত কৰিছে পুটিন চৰকাৰে। অথচ, চেষ্টা কৰিলেই এই যুদ্ধ এৰাব পৰা যায়। তাকে নকৰি দিনৰ পিছত দিন ইউক্রেইন সীমান্তত সেনা মোতায়েন কৰি ৰখা হৈছে। আচলতে বহু দিনৰ পৰাই যুদ্ধৰ পৰিকল্পনা লৈছিল পুটিন চৰকাৰে। এই দাবী ৰুছ নাৰীবাদী সংগঠনবোৰৰ।
ৰাছিয়াৰ ৩০ খনৰো অধিক চহৰৰ ৰাজপথত নামি ইউক্রেইন আক্রমণৰ প্রতিবাদ কৰিছে নাৰীবাদীসকলে। বহুকেইজন প্রতিবাদীক আটকো কৰিছে ৰুছ আৰক্ষীয়ে। অৱশ্যে তথাপি কমা নাই প্রতিবাদ।













