![]()
নিউজ ডেস্কঃ
চাকিওফালে বোমা-গুলীৰ শব্দ। বতাহত বাৰুদৰ গোন্ধে। আতঙ্কত, ভয়ত ঘৰ এৰি সাধাৰণ মানুহে আশ্ৰয় লৈছে মেট্রো ষ্টেচন তথা বাঙ্কাৰত।
এনে অসহায় মুহূর্ততেই যুদ্ধবিধ্বস্ত ইউক্রেইনক প্ৰকাশ পালে এক মানৱীয় দৃশ্য। ইউক্রেইন এৰি দেশলৈ নিৰাপদ আশ্রয়ৰ বাবে উভতিবলৈ অধীৰ আগ্রহেৰে যিসময়ত অপেক্ষা কৰিছে ভাৰতীয় শিক্ষাৰ্থীসকল, তেনে সময়তে এক ওলোটা সুৰ শুনা গ’ল ১৭ বছৰীয়া এগৰাকী ভাৰতীয় কিশোৰীৰ কণ্ঠত। তেওঁ ইউক্রেইন এৰি ভাৰতলৈ আহিব নিবিচাৰে। কিন্তু কিয়?
ইউক্রেইনলৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে গৈছে নেহা নামৰ ছাত্ৰীগৰাকী। নিজৰ ঘৰ এৰি ভিন্ন দেশত অন্য এটি ঘৰত বর্তমান তেওঁৰ আশ্রয়স্থল। উক্ত ঘৰটোৰ পৰিয়ালটোৰ সকলোৱেই আত্মীয় হৈ উঠিছে নেহাৰ।
এই দুর্দশাত, এই যুদ্ধৰ পৰিস্থিতিত পৰিয়ালটোক অকলে এৰি তেওঁ দেশলৈ উভচিব বিচৰা নাই। ঘৰটোৰ মালিকে দেশক বচাবলৈ বন্দুক হাতত লৈ জড়িত হৈছে ইউক্রেইনৰ সেনাবাহিনীত। আনহাতে, ঘৰত আছে তেওঁৰ পত্নী আৰু সন্তান। বর্তমান তেওঁলোক সকলোৱাই আশ্রয় লৈছে কিভৰ এটি বাঙ্কাৰত। এই পৰিস্থিতিতে তেওঁলোকক অকলে এৰি থৈ নিজে নিৰাপদ আশ্রয়ত থাকিবলৈ যাবলৈ অস্বাকীৰ কৰিছে নেহাই।
নেহাৰ মাতৃ এগৰাকী স্কুল শিক্ষয়িত্রী। এক সংবাদ মাধ্যমক তেওঁ জনাইছে, ইউক্রেইন এৰি ভাৰতীয় শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশলৈ উভতিছে। কিন্তু নেহা উভতিব বিচৰা নাই।
দেশখনত যেতিয়া প্রথম ভৰি দিছিল, তেতিয়া থকাৰ বাবে কোনেও তেওঁক ঘৰ দিয়া নাছিল। অৱশেষত বর্তমানৰ ঘৰৰ মালিকে তেওঁক তাত থকাৰ অনুমতি দিয়ে। তেওঁলোকৰ প্রতি নেহাৰ কৃতজ্ঞতাৰ শেষ নাই। এনে পৰিস্থিতিত সেয়ে তেওঁলোকক অসহায় অৱস্থাত এৰি থৈ আহিব বিচৰা নাই নেহাই।













