ASSAM TIMES POST
গুৱাহাটীঃআসন্ন উপনিৰ্বাচনৰ বাবে অসমৰ চাৰিওটা বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ মাজত তুমুল যুঁজ দিয়াৰ সংকল্পৰে ককালত টঙালি বান্ধিছে৷ ইতিমধ্যে দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে৷ এই চাৰিওটা বিধান সভা সমষ্টিৰ ভিতৰত সোণাৰি সমষ্টিও অন্যতম৷
সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈ বিজেপিৰ প্ৰাৰ্থী হিচাপে সাংসদৰূপে নিৰ্বাচিত হোৱাত সমষ্টিটোত বিধান সভা আসনখন খালি হৈ আছিল৷ স্মৰ্তৱ্য যে এইটো সমষ্টিত কংগ্ৰেছৰ শৰৎ বৰকটকীয়ে দীৰ্ঘ কাল ধৰি বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ শৰৎ বৰকটকীয়ে অসম বিধানসভাত কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব লাভ কৰিছিল৷
উল্লেখ্য যে এইবাৰ উপনিৰ্বাচনৰ সময়ত এতিয়া প্ৰতিদ্বন্দ্বী দলসমূহৰ ভিতৰত কংগ্ৰেছ-বিজেপিৰ মাজতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে৷ সমষ্টিটোত কংগ্ৰেছৰ সুশীল চূড়ী আৰু বিজেপিৰ নৱনীতা সন্দিকৈৰ মাজতে মূল যুঁজখন হোৱাটো নিশ্চিত বুলি বিভিন্ন পক্ষই মত প্ৰকাশ কৰিছে৷
উল্লেখ্য যে চৰাইদেউ জিলা ঘোষণা হোৱাৰ পূৰ্বৰে পৰা সোণাৰি সমষ্টিটো অবহেলিত হৈ আছে৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এই সমষ্টিটো৷ ইপিনে একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা তপন কুমাৰ গগৈয়ে বিধায়ক হিচাপে কম দিন পালে৷ এতিয়া উপনিৰ্বাচনৰ পাছত নতুন বিধায়কগৰাকীয়ে কি দৰে সমষ্টিটোৰ উন্নয়নত মনোনিৱেশ কৰিব তাকে লৈ নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব পাইছে৷ উল্লেখ্য যে দুৰ্গা পূজাৰ পাছত সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিব৷













