![]()
নিউজ ডেস্কঃ
যুদ্ধৰ জৰ্জৰিত ইউক্ৰেইনত হোজাই জিলাৰ দুই শিক্ষাৰ্থী।
নীলবাগানৰ আবিদা বেগম চৌধুৰী আৰু লংকাৰ ইয়াহিয়া আল মোবাৰক।
দুয়োগৰাকী শিক্ষাৰ্থী পৰিয়ালৰ ঘৰত হোজাই জিলা প্ৰশাসন।
জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে খবৰ ললে আবিদা বেগম আৰু ইয়াহিয়া আল আলমৰ।
মেডিকেল পঢ়িবলৈ গৈ আবদ্ধ হৈছিল ইউক্ৰেইনত।
অভিভাৱকে জানিবলৈ দিয়া মতে বৰ্তমান সুৰক্ষিত আছে শিক্ষাৰ্থী দুয়ো গৰাকী।
ইউক্ৰেইনৰ হাংৰী কাউন্ট্ৰী বুডাপেষ্টাৰ এখন হোটেলত আছে ।
উদালী লাচিত পথাৰ ইয়াহিয়া আল আলমৰ ঘৰ। আৰু আবিদা বেগম চৌধুৰীৰ ঘৰ নীলবাগানত।
অতি শীঘ্ৰে উদ্ধাৰ কৰি ঘৰলৈ আনিবলৈ চৰকাৰক আহ্বান শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱকৰ।
চৰকাৰেও অতি শীঘ্ৰে অসমলৈ অনাৰ যোজা চলাই আছে ।













