![]()
নিউজ ডেস্কঃ
ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে ভেকুৱাম বোমা ব্যৱহাৰৰ অভিযোগ কৰিছে ইউক্রেইনসহ বিশ্বৰ একাধিক মানৱ অধিকাৰ সংগঠনে। কিন্তু এই বিষয়ত ৰাছিয়াই চৰকাৰীভাবে একো কোৱা নাই।
আনহাতে, ইউক্রেইন যুদ্ধত ৰাছিয়াৰ বিৰুদ্ধে ভেকুৱাম বোমা প্রয়োগৰ অভিযোগ যদি প্রমাণিত হয় তেন্তে সেয়া যুদ্ধ অপৰাধৰ সমতুল্য বুলি মত প্ৰকাশ কৰিছে মানৱ অধিকাৰ সংগঠনবোৰে। কাৰণ ১৯৪৯ চনৰ জেনেভা চুক্তি মতে, যুদ্ধক্ষেত্রত এই ভেকুৱাম বোমাৰ ব্যৱহাৰ নিষিদ্ধ।
সোমবাৰে হোৱাইট হাউছৰ এক বৈঠকৰ পিছত আমেৰিকাৰ ইউক্রেইনীয় ৰাষ্ট্রদূত ওছামা মাকাৰোভাই সংবাদ মাধ্যমৰ ওচৰত দাবী কৰে যে ইউক্রেইনৰ মাটিত ধ্বংসলীলা চলাইছে ৰাছিয়াই। সোমবাৰে ৰাছিয়াই ভেকুৱাম বোমা ব্যৱহাৰ কৰাৰো দাবী কৰিছে তেওঁ, যিটো জেনেভা সন্মিলনত নিষিদ্ধ ঘোষণা কৰা হৈছিল। অৱশ্যে ইউক্রেইনৰ কোন অঞ্চলত এই বোমা পেলোৱা হৈছে সেয়া প্ৰকাশ কৰা নাই মাকাৰোভাই।
মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলৰ দাবী, ভেকুৱাম বোমাৰ উপৰি ক্লাষ্টাৰ বোমাৰ দৰে নিষিদ্ধ অস্ত্রও হয়তো প্রয়োগ কৰিছে ৰাছিয়াই। এমনেষ্টিৰ অভিযোগ, শুকুৰবাৰে পুৱা উত্তৰ-পূব ইউক্রেইনৰ এখন প্ৰাক-স্কুলত ক্লাষ্টাৰ বোমাৰে আক্ৰমণ চলায় পুটিন বাহিনীয়ে। আক্ৰমণত স্কুলখনত আশ্রয় লোৱা এগৰাকী শিশুসহ প্ৰায় তিনিজন নিহত হয়।
ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত ক্লাষ্টাৰ আৰু ভেকুৱাম বোমাৰ দৰে নিষিদ্ধ অস্ত্র প্রয়োগৰ তীব্র গৰিহণা দিছে এমনেষ্টি আৰু হিউমেন ৰাইটছ ৱাচ্চসহ বহু মানৱ অধিকাৰ সংগঠনে।
ইফালে আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনৰ দাবী, ইউক্রেইনীয় সীমান্তত ‘টিঅ’এছ-১’ আৰু ‘টিঅ’এছ-১এ’ৰ দৰে কিছু ৰকেট উৎক্ষেপক দেখা গৈছে। এই ৰকেটৰ সহায়তেই ভেকুৱাম বোমা পেলোৱা হয়।













