![]()
নিউজ ডেস্কঃ
অৱশেষত আৰিয়ান খানৰ কলঙ্কিত অধ্যায় মচ খাবলৈ ওলাইছে! ড্ৰাগছ গোচৰ বা আন্তর্জাতিক ড্ৰাগছ সৰবৰাহৰ সৈতে কোনোধৰণে জড়িত নহয় শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান।
বুধবাৰে এই ঘোষণা মাদকদ্রব্য নিয়ন্ত্রণ সংস্থা (এনচিবি)ৰ এটি তদন্তকাৰী দলৰ। নাম প্রকাশত অনিচ্ছুক দলটোৰ পক্ষৰ পৰা জনোৱা হৈছে, আৰিয়ান যে ড্ৰাগছ লোৱা বা সৰবৰাহৰ সৈতে জড়িত আছিল, তেনে কোনো প্রমাণ নাই। দলটোৰ দাবী, তদন্ত কৰিবলৈ গৈ প্রমোদতৰী অভিযানত অভিনেতা-পুত্রজনক গ্রেপ্তাৰৰ আঁৰতো বহু গাফিলতি ধৰা পৰিছে তেওঁলোকৰ।
ৰাষ্ট্ৰীয় স্তৰৰ এক সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তদন্তকাৰী দলটোৰ শীর্ষ কর্মকর্তাসকলৰ বক্তব্য, আৰিয়ান ড্ৰাগছ সৰবৰাহৰ সৈত জড়িত নাছিল। তেওঁ নিজেও ড্ৰাগছ লোৱা নাছিল! সেয়ে কি কাৰণত তেওঁৰ মোবাইল ফোন আটক কৰা হৈছিল, কিয় বা ফোনৰ বার্তা চোৱা হৈছিল… তেওঁলোকে তদন্তত নামি বুজিব পৰা নাই।
কাৰণ অভিনেতা-পুত্রজনৰ কোনো বাৰ্তালাপত ড্ৰাগছ সম্বন্ধীয় কোনো তথ্যৰ উল্লেখ নাই। তেওঁলোকৰ আৰু দাবী, এনচিবিয়ে যি অভিযান চলাইছিল তাৰো কোনো ভিডিও ৰেকর্ডিং নাই। অর্থাৎ গোচৰটোত গ্রেপ্তাৰ হোৱা একাধিক আচামীৰ পৰা ড্ৰাগছ উদ্ধাৰ হৈছে নেকি সেয়াও চাব নোৱাৰে সংস্থাটোৱে।
অৱশ্যে চূড়ান্ত চার্জশ্বিট দাখিলৰ পূৰ্বে তদন্তকাৰী দলটোৱে আৰু এবাৰ সমগ্ৰ বিষয়টো পৰীক্ষা কৰি চাব বুলিও খবৰ। তাৰ পিছত তদন্তকাৰী বিষয়াসকলে এনচিবিৰ শীর্ষপ্রধান এছ এন প্রধানৰ হাতত তেওঁলোকৰ যাৱতীয় তথ্য জমা দিব। ফলত সম্পূৰ্ণ বিষয়টি সম্পূর্ণ হ’বলৈ আৰু কেইমাহমান সময় লাগিব। তেতিয়াহে জনা যাব, আৰিয়ান প্ৰকৃততে অপৰাধী হয়নে নহয়।













