![]()
নিউজ ডেস্কঃ
ৰুছ সেনাৰ লক্ষ্য এইবাৰ ইউক্রেইনৰ চৰকাৰী প্রতিষ্ঠানবোৰ। মঙ্গলবাৰে খাৰকিভত গভর্নৰ হাউছত ক্ষেপণাস্ত্র আক্ৰমণৰ পিছত বুধবাৰেও আক্রমণ চলায় তাত। কেৱল সেয়াই নহয়। ৰুছ পেৰাট্রুপাৰসকলে খাৰকিভৰ হস্পিটেলতো আক্ৰমণ চলায়।
ইউক্রেইন সেনাই দাবী কৰিছে, ৰুছ পেৰাট্রুপাৰসকলে খাৰকিভ অঞ্চলত নামি অবিৰাম বিস্ফোৰণ ঘটায়। ইয়াৰ পিছত তেওঁলোকে আক্ৰমণ চলায় হস্পিটেসত। তাৰ প্ৰত্যুত্তৰ দিয়ে ইউক্রেইন সেনাই। কিন্তু এই ঘটনাত হতাহতৰ কোনো খবৰ পোৱা হোৱা নাই।
উল্লেখ্য, দক্ষিণ ইউক্রেইনৰ চহৰ খেৰছনৰ প্রায় সম্পূৰ্ণখিনিয়েই ৰাছিয়াই দখল কৰা বুলি সংবাদ সংস্থাৰ সূত্রত প্ৰকাশ। আনকি নিশাৰ ভিতৰতে কিভ দখল কৰাৰো সম্ভাৱনা আছে ৰুছ সেনাৰ। অৱশ্যে ইউক্রেইন প্রশাসনে এই সন্দৰ্ভত চৰকাৰীভাবে কোনো বিবৃতি দিয়া নাই।













