![]()
নিউজ ডেস্কঃ
ইউক্রেইনত প্রাণ গ’ল দ্বিতীয়জন ভাৰতীয় শিক্ষাৰ্থীৰ। ছাত্ৰজনৰ নাম চন্দন জিন্দাল (২২)। চন্দন পঞ্জাবৰ বাৰনালাৰ বাসিন্দা। তেওঁ ইউক্রেইনৰ ভিন্নিটচিয়াৰ ভিন্নিটচিয়া নেচনল পাইৰোগভ মেমোৰিয়েল মেডিকেল ইউনিভাৰ্ছিটীৰ ছাত্র আছিল।
জানিব পৰা মতে, ভিন্নিটচিয়াৰ এখন হস্পিটেলত ভর্তি হৈ আছিল। তাতেই তেওঁ হৃদৰোগত আক্রান্ত হৈ বুধবাৰে পুৱা মৃত্যু হয়। চন্দনৰ পিতৃয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ ওচৰত তেওঁৰ মৃতদেহ দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ অনুৰোধ জনাইছে।













