![]()
মনোৰঞ্জনঃ
বিজয় দেৱৰকোণ্ডা আৰু ৰশ্মিকা মান্দন্না কেৱল তেওঁলোকৰ ছবিৰ বাবেই নহয়, তেওঁলোকে নিজৰ কথিত সম্পৰ্কৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰে। কেতিয়াবা তেওঁলোকৰ বিবাহৰ উৰাবাতৰিয়েও অনুৰাগীসকলক সুখী কৰি তোলে। ইণ্টাৰনেটত আকৌ এবাৰ একে ধৰণৰ খলকনিৰ সৃষ্টি হৈছে যে বহু বছৰ প্ৰেমৰ সম্পৰ্ক ৰখাৰ পিছত দুয়ো বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে। এই সন্দৰ্ভত নীৰৱ হৈ থকাৰ পিছত, অভিনেতা বিজয়ে এটা টুইট শ্বেয়াৰ কৰে যিয়ে সকলোকে আচৰিত কৰি তোলে। এই টুইটত ৰশ্মিকাৰ সৈতে বিবাহৰ বিষয়ে ইংগিত দিয়ে তেওঁ। তেওঁ লিখে যে, “সদায়ৰ দৰে অবাঞ্চিত কথা। আমি নকৰো… (হৃদয়) দ্যা নিউজ!”
‘পুষ্পা’ৰ সফলতা উদযাপন কৰি থকা ৰশ্মিকা মান্দান্নাই অৱশেষত মৌনতা ভংগ কৰে আৰু প্ৰকাশ কৰে তেওঁ অৰ্জুন ৰেড্ডীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে নে নাই!
সকলো প্ৰতিবেদনক উফৰাই ৰশ্মিকাই সংবাদ মাধ্যমক কয় যে,” বিজয়ৰ সৈতে তেওঁৰ বিবাহৰ প্ৰতিবেদন ভিত্তিহীন আৰু সঁচা নহয়।” তেওঁ কয়, “এইটো কেৱল এটা উৰাবাতৰি। মোৰ ওচৰত এতিয়াও বিবাহৰ বাবে যথেষ্ট সময় আছে। সময় আহিলে মই বিয়া পাতিম।”
“গীতা গোবিন্দম” আৰু “ডিয়েৰ কমৰেড” ৰ দৰে ছবিত বিজয় আৰু ৰশ্মিকাৰ যুটিটো বহুল হাৰত পছন্দ কৰা হৈছিল। দুয়োকে কেইবাবাৰো ৰাজহুৱাভাৱে একেলগে দেখা গৈছে।













