![]()
নিউজ ডেস্কঃ
ইউক্রেইন সীমান্ত পাৰ হোৱাত কামত আহিল ভাৰতৰ ত্ৰিৰংগ পতাকা। কেৱল ভাৰতীয় শিক্ষাৰ্থীয়ে নহয়, কামত লাগিল পাকিস্তান আৰু তুৰস্কৰ শিক্ষাৰ্থী সকলৰো। উক্ত পতাকা দেখুৱাই যুদ্ধ বিধ্বস্ত ইউক্রেইনৰ বিভিন্ন চেক পইন্ট বিনা বাধাই পাৰ হৈ প্রতিবেশী দেশ ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টত উপস্থিত হয় তেওঁলোক।
‘অপাৰেচন গঙ্গা’ৰ বিমান ধৰাৰ বাবে সীমান্ত পাৰ হৈ ৰোমানিয়লৈ আহিব বিচাৰিছিল শিক্ষাৰ্থী
সকলে। তেওঁলোকক দেশৰ পতাকা লগত ৰাখিলে পথত কোনো সমস্যা নহ’ব বুলি কোৱা হৈছিল, যাতে নির্বিঘ্নে সীমান্ত পাৰ হ’ব পাৰে। দক্ষিণ ইউক্রেইনত চিকিৎসা বিদ্যা পঢ়িবলৈ যোৱা এজন ভাৰতীয় ছাত্ৰই কয়, ‘‘আমি তেতিয়াই সিদ্ধান্ত লওঁ, নিজেই পতাকা বনাই ল’ম। বজাৰৰ পৰা ৰঙ কিনি আনি বগা পর্দাৰ ওপৰত ৰং কৰি দেশৰ ত্ৰিৰংগ পতাকা তৈয়াৰ কৰো।’’
উক্ত পতাকাই কেৱল তেওঁলোকৰ ৰক্ষাকবচ হিচাবে কাম কৰা নাই, লগতে পাকিস্তানী আৰু তুৰস্কৰ কেইবাজনো ছাত্রক সীমান্ত পাৰ হোৱাত সহায় কৰা বুলি তেওঁ জনাইছে।













