![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ফোনত কথা পাতিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ইউক্রেইনৰ খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰ সন্দৰ্ভত দুয়োৰে আলোচনা হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে ইউক্রেইনৰ সময়মতে সন্ধিয়া ৬টাৰ ‘ডেডলাইন’ অতিক্ৰম হোৱাৰ পূৰ্বেই খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্রীসকলক ‘ছেফ পাছেজ’ দিয়া বুলি খবৰ। ৰাছিয়াৰ সেনাই তেওঁলোকৰ ইউক্রেইনৰ পশ্চিম সীমান্তৰ দিশে ৰে’লেৰে ৰাওনা কৰাই দিছে। তাত আবদ্ধ হৈ থকা ছাত্রসকলকো একেদৰেই সীমান্তলৈ পঠোৱা হ’ব বুলি সূত্রৰ খবৰ। খাৰকিভৰ পৰা ইউক্রেইনৰ পশ্চিম সীমান্ত প্রায় ২০ ঘণ্টাৰ দূৰত্বত।
বিদেশ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘প্রধানমন্ত্রী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত কথা পাতিছে। বিশেষকৈ খাৰকিভ চহৰ, য’ত বহু ভাৰতীয় আবদ্ধ হৈ আছে।’













