![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ প্রতিৰক্ষা বিভাগৰ দাবী, খাৰকিভত বহু ভাৰতীয় শিক্ষাৰ্থীক ‘পণবন্দী’ কৰি ৰাখিছে ইউক্রেইনে।
জোৰপূৰ্বক তেওঁলোকক আবদ্ধ কৰি হৈছে। অৱশ্যে ভাৰতৰ স্পষ্ট মত, এনে ধৰণৰ কোনো ‘ৰিপোর্ট তেওঁলোকৰ ওচৰত নাই। ৰুছ সেনাবাহিনীৰ এজন মুখপাত্রই জনাইছে, ‘আমি জানিব পাৰিছো, খাৰকিভত বহু সংখ্যক ভাৰতীয় শিক্ষাৰ্থীক জোৰ কৰি আবদ্ধ কৰি ৰাখিছে ইউক্রেইন প্রশাসনে। তেওঁলোকে ইউক্রেইন এৰি বেলাগোৰোদলৈ যাব বিচাৰিছে, কিন্তু পৰা নাই।’
ইয়াৰ পিছতেই মুখপাত্রজনে দাবী কৰে, ‘ভাৰতীয় শিক্ষাৰ্থীসকলক পণবন্দী কৰা হৈছে। ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে সকলো ধৰণৰ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰুছ সেনাই। ৰাছিয়াৰ পৰা তেওঁলোকক আমাৰ সেনা বিমানেৰে ভাৰতলৈ পঠোৱা হ’ব, নহ’লে ভাৰতৰ সামৰিক বিমানত তুলি দিয়া হ’ব।’
অৱশ্যে এই তথ্য মানিব বিচৰা নাই ভাৰতে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচিয়ে টুইটাৰত লিখিছে, ভাৰতে ক্রমাগত তাত পঢ়ি থকা ভাৰতীয়সকলৰ সৈতে যোগাযোগ ৰাখিছে। ইউক্রেইন প্রশাসনৰ সহায়তেই বহু শিক্ষাৰ্থীয়ে বুধবাৰে দেশলৈ আহিব পাৰিছে।













