![]()
নিউজ ডেস্কঃ
নুমলীগড় বিষ্ণুপুৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়।
বাইক আৰু চাইকেলত থকা দুয়োগৰাকী আৰোহী থিতাতে নিহত হয়। দুয়োগৰাকী ব্যক্তিৰ নাম হৈছে ক্ৰমে দেৱজিৎ শইকীয়া আৰু নিৰ্মল পানিকা। উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ তেওঁলোকক ভি কে এন আৰ এল চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।













