![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰেই ইউক্রেইনৰ অন্যতম বন্দৰ চহৰ খেৰছান দখল কৰিছে ৰুছ সেনাই। অডেছা দখল এতিয়া মাত্র সময়ৰ অপেক্ষা বুলিয়েই অনুমান হৈছে। অৱশ্যে ৰুছ আক্ৰমণৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিবলৈ প্রস্তুত চহৰখন। এই দাবী কৰিছে চহৰখনৰ মেয়ৰ গেনাডি ট্রুখানভে।
কিভ আৰু খাৰকিভ দখলৰ বাবে যুদ্ধ চলাই গৈছে ৰাছিয়াই। খেৰছান চহৰ ইতিমধ্যেই ৰুছ বাহিনীৰ দখললৈ গৈছে। কিন্তু ৰাজধানী কিভ আৰু খাৰকিভ চহৰত যেনে ধৰণৰ চৰম প্রতিৰোধৰ সন্মুখীন হ’বলগা হৈছে ৰুছ বাহিনী, তেনেদৰে দুই বন্দৰ চহৰ অডেছা আৰু মাৰিউপলো দখল কৰিব পৰা নাই তেওঁলোকে।
স্থলপথেৰে উক্ত দুই বন্দৰ চহৰত সোমাব নোৱাৰাত এইবাৰ জলপথেৰে আক্ৰমণ চলোৱাৰ পূৰ্ণ প্রস্তুতি চলাইছে ৰাছিয়াই। বৃহস্পতিবাৰে আমেৰিকা প্রশাসনৰ এগৰাকী বিষয়াই দাবী কৰিছে, ৰাছিয়াৰ বহু কেইখন যুদ্ধজাহাজ ক্রিমিয়াৰ পৰা অডেছাৰ দিশে আগবাঢ়িছে। বৃহস্পতিবাৰে উক্ত যুদ্ধজাহাজৰ পৰা বন্দৰ চহৰখনত আক্ৰমণ চলাব পাৰে ৰুছ সেনাই।













