![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ আনি আন্তর্জাতিক আদালতৰ দ্বাৰস্থ হৈছিল ইউক্রেইন। বিশ্ব আদালতে জনাইছে, এই গোচৰৰ শুনানি হ’ব ৭ আৰু ৮ মার্চত।
এক বিবৃতিত জনোৱা হৈছে, ‘ৰাষ্ট্রসঙ্ঘৰ আইনৰ শীর্ষ ক্ষেত্র আন্তর্জাতিক ন্যায় আদালতে গণহত্যাৰ অভিযোগৰ ভিত্তিত জনস্বাৰ্থ জড়িত বিষয়ত শুনানি ল’ব ৭ আৰু ৮ মার্চত।’ ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ আজি ৮ দিন হ’ল। দেশৰ পৰা ইতিমধ্যেই চাৰে ৬ লাখ লোক দেশ এৰি পেলাইছে।
ইফালে সিফালে ছিটিকি পৰিছে ১০ লাখ। ৰুছ বোমাৰ আঘাতত মৃত্যু হৈছে বহুতৰে। দুজন ভাৰতীয় ছাত্রৰো মৃত্যু হৈছে। ৰাছিয়াৰ বিৰুদ্ধে গণহত্যা আৰু অন্যান্য বিভিন্ন অভিযোগ আনি আন্তর্জাতিক আদালতৰ দ্বাৰস্থ হৈছিল ইউক্রেইন। ৭, ৮ মার্চত তাৰেই শুনানি।













