মনোৰঞ্জনঃ
মুম্বাইত এক বিশাল অনুষ্ঠানত ‘ৰাধে শ্যাম’ দলৰ সৈতে যোগদান কৰা জনপ্ৰিয় অভিনেতা প্ৰভাসে প্ৰকাশ কৰে যে তেওঁ এতিয়ালৈকে কিয় বিবাহ পাশত আবদ্ধ হোৱা নাই! প্ৰেমৰ ভৱিষ্যতবাণীৰ বিষয়ে সোধাত, প্ৰভাসৰ কৌতুকপূৰ্ণ সঁহাৰিটোৱে সকলোকে অভিভূত কৰি তুলিছিল। যেতিয়া প্ৰভাসে বুধবাৰে মুম্বাইত সংবাদ মাধ্যমৰ সৈতে কথা-বতৰা পাতিছিল, তেতিয়া তেওঁক শেহতীয়াকৈ ‘ৰাধে শ্যাম’ৰ ট্ৰেইলাৰৰ এটি সংলাপৰ বিষয়ে সোধা হৈছিল।
উক্ত ছবিখনত প্ৰভাসে এজন প্ৰখ্যাত জ্যোতিষীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যিগৰাকীয়ে সঠিক ভৱিষ্যতবাণী প্ৰকাশ কৰে।
এজন সাংবাদিকে প্ৰভাসক আওপকীয়াকৈ বিবাহৰ বিষয়ত প্ৰশ্ন কৰাত প্ৰভাসে ধেমেলীয়া উত্তৰ দি কয় যে, “মোৰ প্ৰেমৰ ভৱিষ্যতবাণী সদায়েই ভুল আছিল। সেইকাৰণে মোৰ এতিয়ালৈকে বিয়া হোৱা নাই।”
‘ৰাধে শ্যাম’ শীঘ্ৰে বিশ্বব্যাপী মুক্তিৰ দিশে আগবাঢ়িছে, আৰু সেয়েহে নিৰ্মাতাসকলে প্ৰচাৰৰ বাবে মুম্বাইত এটা ট্ৰেইলাৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছিল।
পূজা হেগড়ে আৰু প্ৰভাসে প্ৰেৰণা আৰু বিক্ৰমাদিত্যৰ ৰূপত আকৰ্ষণীয় কেমেষ্ট্ৰী ৰূপায়ণ কৰিব ছবিখনত। ১১ মাৰ্চ, ২০২২ তাৰিখে তেলেগু, তামিল, হিন্দী, কানাড়া, মালায়ালম, চীন আৰু জাপানী ভাষাত মুক্তি লাভ কৰিব ‘ৰাধে শ্যাম’ ছবিখনত।













