![]()
নিউজ ডেস্কঃ
ভাৰতৰ কূটনৈতিক শক্তিৰ সকলো ফালে জয়জয়কাৰ। কাৰণ ইউক্রেইনৰ খাৰকিভত ছয় ঘণ্টাৰ বাবে ৰুছ সেনাৰ ধ্বংসলীলা বন্ধ ৰাখিলে ভাৰতে।
বিশ্বৰ বৃহৎ বৃহৎ শক্তিয়ে ৰাছিয়াক অস্ত্র বিৰতিত ৰাজী কৰাব পৰা নাই। কিন্তু সেয়া কৰি দেখুৱালে ভাৰতে। নতুন দিল্লীৰ প্রধান উদ্দেশ্য আছিল, ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভৰ পৰা নাগৰিকসকলক নিৰাপদে উলিয়াই লৈ যোৱা।
এই কাম কৰিবলৈ ভাৰতে সাময়িকভাবে গুলীচালনা বন্ধ ৰাখিবলৈ যেনেদৰে মস্কোক নতুন দিল্লীয়ে ৰাজী কৰাইছে সেয়া প্রশংসিত হৈছে সকলো মহলতে। ছচিয়েল মিডিয়াতো চলিছে ভারতীয় কূটনীতির জয়জয়কাৰ।













