ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে অহা ১১ অক্টোবৰৰপৰা ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সজাগতা অভিযান চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বুধবাৰে এই ঘোষণা কৰে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে। গুৱাহাটীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তিৰ সদৰত অনুষ্ঠিত এক সংবাদমেলত তেওঁ লগতে কয় যে ‘কেব’ৰ বিৰোধিতাৰেই অক্টোবৰৰ শেষৰফালে গুৱাহাটীত কেন্দ্ৰীয় জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ’ব। বাংলাদেশৰ সূত্ৰৰপৰা লাভ কৰা তথ্য সদৰী কৰি গগৈয়ে কয় যে ৰাজ্যত বৰ্তমানে থকা হিন্দু বাংলাদেশীৰ সংখ্যা ২০ লাখ। ইয়াৰ পাছত যদি ‘কেব’ গৃহীত হয়, তেন্তে অসমলৈ পুনৰ ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী আহিব। ছমাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিবলৈ লোৱা ‘কেব’ আৰু অনাগত দিনসমূহত গৃহীত কৰিব খোজা ‘কেব’ৰ মাজত বহু পাৰ্থক্য থকাৰ পূৰ্বানুমান কৰি তেওঁ কয় যে এইবাৰ ‘কেব’ৰ দফাসমূহ পূৰ্বতকৈ অসমৰ বাবে অধিক ভয়ংকৰ হৈ উঠিব। ইফালে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ শেহতীয়া বৰাক উপত্যকা ভ্ৰমণৰ প্ৰসংগ টানি আনি গগৈয়ে কয় যে শিলচৰলৈ আহি ভাগৱতে ‘কেব’ সম্পৰ্কত আলোচনা কৰি গ’লহি। সংবাদমেলত কৃষক নেতাজনে পূৰ্বে তেওঁলোকৰ সৈতে ‘কেব’ বিৰোধী আন্দোলনত জঁপিয়াই পৰা একাংশ জাতীয় সংগঠনকো সমালোচনা কৰে। তেওঁ কয় যে এতিয়া এনে কিছু সংগঠনৰ নেতাই শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ সৈতে মিতিৰালি কৰি আছে। সেয়ে ‘কেব’ৰ বিৰোধিতা কৰাটো তেওঁলোকৰ কাৰণে গৌণ বিষয় হৈ পৰিছে।













