![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ প্রথম আৰু দ্বিতীয় বর্ষৰ তুলনাত ২০২২ চনত গুৰুতৰভাৱে অসুস্থতা আৰু হস্পিটেলত ভর্তিৰ হাৰ কম। মৃত্যুৰ হাৰ কম হ’লেও নতুনকৈ ত্রাসৰ সৃষ্টি হৈছিল স্বাস্থ্য বিশেষজ্ঞৰ পৰা সাধাৰণ মানুহৰ মাজত।
অতিমাৰিৰ বিৰুদ্ধে যুঁজাৰ বাবে অন্যতম অস্ত্র হ’ল টীকা। টীকা অবিহনে যে কোনো গতি নাই, সেইটো ধৰা পৰিছে সাম্প্রতিক সময়ৰ এক সমীক্ষাত। বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে, অতিমাৰিৰ তৃতীয় বর্ষত কৰোনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৯২ শতাংশই টিকাবিহীন। তথ্য দাখিল কৰি কেন্দ্রীয় চৰকাৰৰ দাবী, কৰোনা টীকাৰ এটি পালিয়ে মৃত্যুৰ সম্ভাৱনা ৯৮.৯ শতাংশ কমাই দিয়ে। আৰু টীকাৰ দুটি পালি ল’লে মৃত্যুৰ সম্ভাৱনা কমি যায় ৯৯.৩ শতাংশলৈ।
বৃহস্পতিবাৰে এক সংবাদমেলত আইচিএমআৰৰ বিষয়া ডঃ বলৰাম ভার্গৱে কয়, ‘কৰোনাত আক্রান্তসকলৰ মৃত্যু ৰুধিবলৈ টীকাকৰণ অত্যন্ত জৰুৰী। নহ’লে ইয়াৰ পৰিণাম কি হ’ব পাৰে, তাৰ এটি সমীক্ষা কৰা হৈছে। সমীক্ষাটোৰ পিছত দেখা গৈছে, টীকাৰ প্ৰথম পালি ল’লেই কৰোনাত আক্রান্ত হৈ মৃত্যুৰ সম্ভাৱনা ৯৮.৯ শতাংশ কমি যায়। আৰু দুটি পালি ল’লে মৃত্যুৰ আশঙ্কা কমি যায় ৯৯.৩ শতাংশ।’













