![]()
নিউজ ডেস্কঃ
আঠদিন অতিক্ৰম কৰিলেও ৰাছিয়া–ইউক্রেইনৰ মাজত যুদ্ধ শাম কটাৰ কোনো ইঙ্গিত নাই। পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমালোচনা আৰম্ভ কৰিছে। এইবাৰ দেশৰ ভিতৰতেই পুটিন-বিৰোধিতা আৰম্ভ হৈ গ’ল। পুটিনৰ মূৰৰ দাম ঠিক কৰাৰ লগতে ৰুছ ৰাষ্ট্ৰপতিক ‘যুদ্ধ উন্মাদ’ বুলিবলৈও নেৰিলে এজন ব্যৱসায়ীয়ে। গ্রেপ্তাৰৰ দাবীও তুলিলে। জানিব পৰা মতে, ৰাছিয়াৰ ব্যৱসায়ীজনৰ নাম এলেক্স কোনানিখিন।
মস্কোৰ এজন সফল ব্যৱসায়ী তেওঁ। ছচিয়েল মিডিয়াত তেওঁ এখন ছবি পোষ্ট কৰিছে। পোষ্টত পুটিনৰ ছবিৰ ওপৰত তেওঁ লিখিছে, ‘আন্তর্জাতিক আইন অনুযায়ী এই ভয়ানক যুদ্ধৰ বাবে দোষী অপৰাধী পুটিনক গ্রেপ্তাৰ কৰিব পাৰিলে ব্যক্তিজনৰ হাতত ১০ লাখ আমেৰিকান ডলাৰ তুলি দিব।’ ভাৰতীয় মুদ্রাত যাৰ পৰিমাণ প্রায় ৭ কোটি ৫৯ লাখ টকা।
পুটিনৰ ওপৰত খঙত অগ্নিশৰ্মা হৈছে ব্যৱসায়ীজন। কৈছে, ‘পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি নহয়। ‘বিশেষ অভিযান’ৰ নামত পুটিনে বহু অট্টালিকা, এপার্টমেন্ট ধ্বংস কৰিছে ৰাছিয়াত।
ইয়াৰ পিছতো নির্বাচন অনুষ্ঠিত কৰা নাই তেওঁ। সংবিধান ধ্বংস কৰা হৈছে।’ এই যুদ্ধত ৰাছিয়ান ব্যৱসায়ীজনে ইউক্রেইনক সমর্থন কৰিব বুলিও জনাইছে। উল্লেখ্য, পুটিন চৰকাৰৰ সৈতে উক্ত ব্যৱসায়ীজনৰ সম্পর্ক কোনো দিনেই ভাল নহয় বুলি জানিব পৰা গৈছে। ৰাছিয়াত একাধিক ব্যৱসায় আছে তেওঁৰ।













